তুমি কিয় বুজিবলৈ চেষ্টা নকৰা !!!

তুমি কিয় বুজিবলৈ চেষ্টা নকৰা,
তোমাৰ প্ৰতি থকা মোৰ হিয়াৰ আকোলতাক ..
শিল হৈ যোৱা মোৰ হৃদয়ৰ পথাৰখনত ,
কেতিয়াকৈ নমাবা তুমি
প্ৰেমৰ এজাক খেয়ালী বৰষুণ |
এহেজাৰ এটা সপোণে
মোৰ হৃদয় উকমুকাই আছে,
কেতিয়াকৈ আহিবা তুমি
মোৰ হৃদয়ৰ পথাৰখন
সেউজীয়া কৰিবলৈ..
তুমাক নিজৰ কৰাৰ হেপাঁহতে
অচিন পথেৰে গতি কৰিছো....
তুমিহীণ হিয়াৰ মোৰ জীৱণৰ কথা
কাক শুণাওঁ আজি
মোৰ হৃদয়ৰ বেথা...
তুমি কত বুজিবা মোৰ দোষবোৰ,
তুমি জানো কেতিয়াবা উদযাপণ কৰিছা
বিষাদ ভৰা আউসিৰ নিশা...
তোমাক লৈ ৰচা সপোনবোৰ
নিগৰাই দিছো মোৰ ডায়েৰীত
তোমাৰ ভাৱনাতেই লিখিবলৈ শিকিছো কবিতা.....
?
তুমি নিঃসংগ নোহোৱালৈকে,
মই হেনো ৰব লাগিব ....
মই জানো ,
এতিয়া সময়বোৰ মোৰ নহয়
এদিন চাবা ,
ই তোমাৰো হৈ নাথাকে...
তেতিয়াহে চাগে বুজিবা
মোৰ হৃদয়ৰ আকোলতাক....
পাছে , সিদিনালৈ.....
পাহৰিম মই তোমাৰ স্মৃতিকো
শেষ হব মোৰ সকলো আশা |
চিটাত পৰি ৰব মোৰ দেহটো...
জিৰামগৈ মই মৃত্যুৰ শেথেলিত..
চিৰদিনলৈ.....
!
হিয়া উজাৰি কান্দিলেও,
বিচাৰি নাপাবা মোক....
কাষত নাথাকিম মই,
মচি দিবলৈ তোমাৰ দুচকুৰ অশ্ৰু..
মাথো ,
আকাশৰ তৰা হৈ
চাই ৰম তোমাক
নিলগৰ পৰা.....

Comments

Popular posts from this blog

SOME INFORMATION NRL RECURITMENT APPRENTICE TRAINING 2020

RGIPT//SIBSAGAR// NON-TEACHING STAFF RECRUITMENT 2020

Oil India Limited Recruitment 2020 Apprenticeship Trainee 200